একান্ত ব্যক্তিগত
প্ৰৰোচনামূলক মন্তব্যই আজি অসম জ্বলাইছে । এই ক্ষেত্ৰত সংবাদ মাধ্যমে ( বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যম) মানসিক ভাৰসাম্য হেৰুৱা মানুহবোৰৰ কথাবোৰ বাৰে বাৰে দেখুৱাই সেই উচতনিমূলক মন্তব্যবোৰক আৰু অধিক জনপ্ৰিয় কৰি প্ৰশ্ৰয় দিছিল । আছলতে সংবাদ মাধ্যমৰ দেশৰ বাবে, জাতিৰ বাবে কৰণীয় কাম বহুত । তেনে নেতাৰ কাৰ্যকলাপক আওকাণ কৰক, যি সকলো সময়তেই সংমাদ মাধ্যমৰ নয়নৰ মণি হৈ নিজকে জনপ্ৰিয় কৰি ৰাখিব বিচাৰে।প্ৰতিটো সংবাদ চেনেললৈ অনুৰোধ যে TRPৰ বাবে নিজৰ মতামত প্ৰতিষ্ঠিত কৰিবলৈ গৈ নিম্ন খাপৰ বাতৰি প্ৰদৰ্শন নকৰিব। এই চেনেল সমূহৰ দপদপনিত অসমৰ ৰাইজে নিজে ভাবিবলৈও যেন পাহৰি পেলাইছে । আমিবোৰ যেন বিভ্ৰান্ত আজি। উচটনি মুলক বাতৰি পৰিবেশন কৰাৰ পৰা বিৰত থাকি যিজনে এনে মন্তব্য কৰে তেওঁক সম্পূৰ্ণ ৰূপে বৰ্জন কৰিব পাৰি নেকি বাৰু বৃহৎ জাতীয় স্বাৰ্থত সেই কথা ভাৱক। এনে মন্তব্যৰে মগজুহীন সেই নেতাবোৰে নিজৰ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে সদায় জাতীয় সত্তাত আঘাত হানে কিন্ত্ত সাধাৰন মানুহক অৰ্থাৎ নিৰীহ জনতাক তাৰ বাবে কি দিয়ে ? তেওঁলোকক দিয়ে শোনিতৰ বন্যা। বহু জনগনে বুজিয়েই নাপাই কি ঘটি আছে বা কি ঘটিব ধৰিছে নাইবা অসমৰ পৰিস্থিতি আজি ইমান উত্তপ্ত কিয়? বাতৰি প্ৰতিষ্ঠানসমূহ যদি ৰাজনৈতিক মতাদৰ্শেৰে অনুপ্ৰানিত নহৈ সত্য আৰু নিষ্টাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰানিত হয় তেনেহ’লে জাতি ৰক্ষাত কোনো শক্তিয়েই বিভ্ৰাটৰ সৃষ্টি কৰিব নোৱাৰিব বুলি মোৰ ধাৰণা ।
অতীতৰ বহু ভূলৰ পৰিপ্ৰেক্ষিতত যেন আজিৰ অসমৰ এই পৰিস্থিতি তেনে ভাৱ হয় মোৰ। অসুৰক্ষিত ভবিষ্যতত যেন ধাৱমান ভবিষ্যৎ প্ৰজন্ম।জাতিয়তাবাদী ভাষিক চেতনাক জন্ম দিয়া অসম সহিত্য সভাৰো অসমীয়া ভাষা , জাতিৰ প্ৰতি কৰণীয় বহু কাম আছে । ভাষিক চেতনাৰদ্বাৰা গঠিত জাতীয়তাবাদক লৈ যেতিয়াই লেতেৰা ৰাজনীতিৰ সৃষ্টি হ’ল তেতিয়াই অসমৰ ৰাজনৈতিক পটভূমিয়ে নতুন সমীকৰণেৰে অসমৰ জাতি , মাটি , আৰু ভেটিক লৈ বিভিন্ন দল সংগঠনৰ একচেটিয়া সম্পদৰূপে পৰিৱেষ্টিত হ’ল ।তাৰ ফলস্বৰূপে আমি বিছাৰি ফুৰিলো অসমীয়াৰ সংজ্ঞা। খিলঞ্জীয়া কোন? ফলত এটা জনগোষ্ঠিয়ে আনটোক আঙুলি টোৱাই সোঁৱৰাই দিলে ভূমিপুত্ৰ কোন, সংঘাতৰ আন এক স্তৰ আৰম্ভ হ’ল ।
সুবিধা বিচাৰি ফুৰাসকলে ৰাজনৈতিক মুনাফা আদায় কৰি ভবিষ্যৎ অংকৰ অভ্যাস কৰিলে ।পিচপৰি নাথাকিল বংগও। বংগৰ আশীৰ্বাদপুষ্ট এচামে অসমীয়া ভাষিক চেতনাৰ সুযোগ লৈ প্ৰায়েই অসমত ভাষা সংঘাত ঘটাব ধৰিলে।
উমি উমি জ্বলি থকা তুঁহজুইকুৰা আৰু জ্বলিব নিদি সমস্যা সমুহ সমাধানৰ চেষ্টা কৰক চৰকাৰখনে । জাতি -মাটি -ভেটিৰ স্বাৰ্থত ইতিহাসক সাক্ষী কৰি সকলোবোৰ ছালিজাৰি চাই খিলঞ্জীয়াৰ স্বাৰ্থত নবপ্ৰজন্মৰ ভবিষ্যৎ সুৰক্ষিত কৰক ।
অসমত থাকি , অসমৰ খাই , অসমীয়াক শোষণ কৰি কেতিয়াও নিজৰ কৰি নোলোৱা সিহঁতবোৰক সকলোৱে সকলো পিনৰে পৰা পৰিত্যাগ কৰক । অসমৰপৰা শোষণ কৰি নিজৰ নিজৰ ৰাজ্যলৈ ঢাপলি মৰাবোৰক কেতিয়াও আপোন কৰি নলওঁ আমি সেইটো ঠিক কিন্ত্ত সিহঁতবোৰে কেনেকৈ ইমান সুবিধা পালে তাৰ সমালোচনা কৰাতকৈ সকলোৱে নিজকে প্ৰশ্ন কৰোঁ আহক।
আজি অসমৰ জলন্ত পৰিস্থিতিত যি সংঘাতময় পৰিবেশৰ সৃষ্টি হৈছে সেইটো কোনো অসমীয়াই কামনা নকৰে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আমি সকলোৱেই অতিশয় দুখিত । সকলোৱে জনা উচিত ইযাৰ অন্তৰালত কাৰ কি ৰাজনৈতিক মুনাফা আছে ।নিৰীহ জনতাৰ হত্যাই সমস্যা সমাধান নকৰে তাৰ ঠাইত বিচাৰি উলিয়াব লাগে আমাৰ মাজত লুকাই উচতাই দিয়া দুষ্ট বুদ্ধিৰ দৈত্যবোৰক ।
আইনৰ দৃষ্টিত সকলো সমান। উচতনিমূলক বক্তব্য দিয়া বুলি যদি দুজনক আটক কৰিব পাৰে তেনেহ’লে আনবোৰে কেমেৰাৰ সন্মুখত উচতনিমূলক উগ্ৰতাবাদৰ সীমা চেৰাই যোৱা দেখিও নিৰৱ কিয় ?তেওঁলোকক আটক কৰাত দিদ্বা কিহৰ চৰকাৰৰ সেইটোহে নুবুজিলো ।সকলোকে যদি সমভাৱে দোষী সাব্যস্ত কৰে তেনেহলে সকলোৰে মাজত সমতা বৰ্তি থাকিব ।
আমি সকলো সময়তেই সষ্টম থাকিব লাগিব । নিৰ্বাচন সমীপত । কোনে কি ৰাজনীতি খেলিব ক’ব নোৱাৰো কোনেও । খালি এটাই অনুৰোধ নিৰীহ জনতাৰ তেজেৰে ফাকু খেলি নিকৃষ্ট ৰাজনীতি নকৰে যেন ।ঐক্যবদ্ধ প্ৰচেষ্টাৰে এনে নিকৃষ্ট ৰাজনীতিক ৰুধ কৰিবলৈ চেষ্টা কৰক সকলোৱে ।
এনে প্ৰেক্ষাপটত আমি যদি অসমৰ বৰ্তমান আৰু ভৱিষ্যৎ সাৰ্বভৌমত্ব কথা চিন্তা কৰো তেনেহ’লে সকলোৱে যেন সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰে । আমি মনত ৰাখিব লাগিব ১৯৮৩ চনৰ পৰা অসমৰ উন্নতি আৰু অবনতিত কাৰ কিমান অৱদান ; লগতে বিভিন্ন সংঘাতত কোনে কিমান উদগণি যোগাইছে ; অসমত নিজকে প্ৰতিস্থা কৰিবলৈ কোনে কি কৰি আছে ; কাৰ কিমান স্বাৰ্থই অসমীয়াক তেজপিয়াৰ দৰে শুহিছে ; মনত ৰাখিব লাগিব আমি অসমৰ জনস্বাৰ্থহিতে কোনে কিমান ভাবিছে; কোনো প্ৰতিনিধিক নিৰ্বাচিত কৰাৰ আগতেই মনত ৰাখিব লাগিব অসমৰ নবপ্ৰজন্ম , জীয়াৰী , বোৱাৰী , মাতৃ- ভগ্নি ,ভাই -ককাই সকলোৱে যেন ভীতিহীনভাৱে নিজৰ আইৰ কোলাত হাঁহি মাতি জীয়াই থাকিব পাৰে ।
শেষত মোৰ আইলৈ শ্ৰদ্ধাৰে
“অ মোৰ উপজা ঠাই
অ মোৰ মৰমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেপাঁহ মোৰ পলুৱা নাই ।”
৩/১১/১৮
Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.