আপুনি কেতিয়াবা বিশেষ অহংকাৰী মানুহৰ সন্মুখীন হৈছেনে ?
কিছুমান ব্যক্তিৰ ,তেওঁলোকৰ আচৰণে আনক কেনেদৰে প্ৰভাৱিত কৰে সেইটো চিনি পোৱাৰ ক্ষমতাৰ অভাৱ ৷লালন-পালন , পৰিৱেশ, হয়তু সফলতা আৰু ক্ষমতা, শ্ৰেষ্ঠত্ব প্ৰমানৰ ইচ্ছা শক্তিয়ে তেওঁলোকৰ মানসিক স্হিতি এনেদৰে কাবু কৰি ৰাখে যে সকলো পৰিবেশতে তেওঁলোকৰ মূখাবয়ৱ আৰু শাৰীৰিক স্হিতিয়ে যি বিচাৰ ভাৱনা ব্যক্ত কৰে তাত তেওঁলোকক অহংকাৰী হিচাপে দেখা যায়। হয়তু তেওঁলোকে এইদৰে শাৰীৰিক অৱস্থিতিৰ দ্বাৰা নিজৰ আচৰণ ব্যক্ত কৰোঁতে কৰোঁতে নিজেই গম নাপায় যে তেওঁলোক ব্যক্তিগতভাৱে জনমানসত অহংকাৰী ৰূপলৈ ৰূপান্তৰিত হৈছে৷
জীৱনত হঠাতে অহা সফলতা ,কেৰিয়াৰ, উচ্চ আকাংক্ষাত গদ গদ মনোভাৱ,ধন-সম্পত্তি বা সামাজিক মৰ্যাদা আদিয়ে মানুহৰ মনত উচ্চমানৰ অনুভৱ আনি দিয়ে ৷এই অনুভৱ যেতিয়াই নিয়ন্ত্ৰণহীন হয়, তেতিয়াই অহংকাৰৰ সৃষ্টি হ’ব পাৰে।অহংকাৰ হ’ল নিৰাপত্তাহীনতাৰ আৱৰণ লগতে আনৰ ওপৰত নিজৰ শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন ৷
ভাল জীৱনশৈলীৰ বাবে অহংকাৰৰ প্ৰয়োজন নাই, কিন্তু আত্মবিশ্বাসৰ প্ৰয়োজন আছে ৷ দুয়োৰে মাজত কিন্তু যথেষ্ট পাৰ্থক্য আছে। অভিজ্ঞতাই মানুহক আত্মবিশ্বাসী হ’বলৈ শিকায় ৷ আত্মবিশ্বাসত অহংকাৰৰ প্ৰয়োজন নাই ৷আত্মবিশ্বাসী লোকে আনৰ প্ৰতি সদায়ে নম্ৰ আৰু সন্মান যাচে lএটা সফল জীৱনশৈলী আত্মসন্মানী, নম্ৰ, উদাৰ আৰু মৰমীয়াল ৷তেওঁলোকে সদায় আনৰ ভালখিনি শিকিবলৈ বিচাৰে৷
আত্মনিয়ন্ত্ৰণ নথকাৰ ফলত অহংকাৰৰ সৃষ্টি হয় ৷ সাধাৰণতে কিছুমান মানুহে ভয় কৰে যে যদি তেওঁলোকে ভুল বুলি স্বীকাৰ কৰে বা ভাল নহয় বুলি স্বীকাৰ কৰে তেন্তে তেওঁলোকক সমাজত দুৰ্বল যেন দেখা যাব। ইয়াৰ পৰা হাত সাৰিবলৈ তেওঁলোকে আত্মবিশ্বাস বা শ্ৰেষ্ঠত্বৰ প্ৰতিচ্ছবি প্ৰক্ষেপ কৰে, যদিও সেয়া প্ৰকৃত নহয়।
কিছুমান মানুহৰ মনলৈ অহংকাৰ সফলতাৰ পৰাও উদ্ভৱ হয়—যেতিয়া মানুহে কিবা এটা লাভ কৰে, তেতিয়া তেওঁলোকে হয়তো বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোক আনতকৈ শ্ৰেষ্ঠ বা ভাল৷ আন কিছুমানে হয়তো এনে পৰিৱেশত ডাঙৰ-দীঘল হয় য’ত অহংকাৰভৰা জীৱনক অধিক আপোন কৰি লোৱা বাবে শক্তিশালীৰূপত অহংকাৰী হৈ উঠে ৷
কিছুমান ব্যক্তিয়ে আনৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰে কাৰণ তেওঁলোকৰ সাংঘাতিকভাৱে, প্ৰশংসা প্ৰাপ্তিৰ প্ৰবল আকাংক্ষা থাকে। তেওঁলোকে বিচাৰে যে আন মানুহে তেওঁলোকৰ বুদ্ধিমত্তা, সৌন্দৰ্য্য বা কৃতিত্বক চিনি পাওক, যিয়ে তেওঁলোকক গৌৰৱান্বিত কৰি তুলিব পাৰে। এইবোৰৰ বাবে তেওঁলোকে মনোযোগ আকৰ্ষিত কৰিবৰ বাবে সমাজৰ এনে কিছুমান মানুহ বাছনি কৰি লয় যাৰ অস্তিত্ব কেৱল মুখৰোচক কথাত ,(যি জনে ভাৱে এইটো মোৰ বাবেহে সম্ভৱ বা মইয়ে জানো বা যিজনে চৰম পৰ্যায়ৰলৈকে তৈল মণ্ডন কৰা ক্ষমতাত অভ্যস্ত)৷কাৰণ তেনে মানুহে নিজৰ অস্তিত্বক লৈ সিমান চিন্তিত নহয় যিমান চিন্তিত তেওঁলোকক ব্যৱহাৰ কৰা মানুহৰ প্ৰতি হয় ৷ প্ৰশংসাৰ আকাংক্ষাত মানুহবোৰে তেওঁলোকক ব্যৱহাৰ কৰি জখলাৰে বগাই যাব বিচাৰে৷ এইসকল লোকৰ অহংকাৰৰ মূলতে আছে আনৰ মতামতৰ জৰিয়তে নিজৰ আত্মমূল্যক বৈধতা প্ৰদান কৰা ৷তেওঁলোকে সদায় আত্মসন্মান ৰক্ষাৰ বাবে এই অহংকাৰী ভাৱটোক নিজৰ মানসিক প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে স্বীকৃতি দিয়ে যদিও তেওঁলোকে আচলতে গভীৰভাৱে নিৰাপত্তাহীনতাত ভোগে৷
এনে ব্যক্তিক আচলতে নম্ৰতা শিকোৱাতকৈ যিকোনো কামতেই অত্যধিক প্ৰশংসা কৰা হয় , সেইবাবে তেওঁলোকে তেওঁলোক নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি বিশ্বাস কৰি লয়৷ ইয়াৰ উপৰিও কোনো ব্যক্তিক যদি সৰুৰেপৰা প্ৰতিযোগিতামূলক পৰিৱেশত ডাঙৰ-দীঘল কৰা হয়, তেন্তে তেওঁলোকে হয়তো সকলো সময়তেই নিজৰ মূল্য প্ৰমাণ কৰাৰ প্ৰয়োজন অনুভৱ কৰে৷ এনেকৈ নিজৰ মূল্যায়ন কৰোঁতে কৰোঁতে তেওঁলোক নিজৰ কৃতিত্বৰ ওপৰত আত্মবিশ্বাসী হৈ অহংকাৰী হৈ পৰে৷ যেতিয়া মানুহে ডাঙৰ কিবা এটা কৰে, ভাল কেৰিয়াৰ, উচ্চ শিক্ষা, ব্যক্তিগত জীৱনত সফলতা বা ধন সম্পত্তি লাভ কৰে তেতিয়া মানুহে গৌৰৱবোধ কৰে ৷ কাৰোবাৰ কৃতিত্বৰ বিষয়ে ভাল অনুভৱ হোৱাটো স্বাভাৱিক যদিও কিছুমান মানুহে ইয়াক চৰম পৰ্যায়লৈ লৈ যায়, আৰু আন কিছুমানক হেয়জ্ঞান কৰে যি সকলে একে স্তৰত থকাৰ পিছতো সফলতা লাভ কৰা নাই ৷
আকৌ সমাজত প্ৰতিস্থিত কিছুমান মানুহে ভয় কৰে যে যদি তেওঁলোকে নিজৰ ভুলখিনি স্বীকাৰ কৰে বা নিজে কৰা কামখিনি ভাল নহয় বুলি স্বীকাৰ কৰে তেন্তে তেওঁলোকক সমাজত দুৰ্বল যেন দেখা যাব। ইয়াৰ পৰা হাত সাৰিবলৈও তেওঁলোকে সদায় আত্মবিশ্বাস বা শ্ৰেষ্ঠত্বৰ প্ৰতিচ্ছবিখন আমালৈ প্ৰক্ষেপ কৰে যদিও সেয়া প্ৰকৃত নহয়।
কিছুমান মানুহে জীৱনত সংগ্ৰাম কৰি কৰি সফলতাৰ মূখ দেখে আৰু সেই সংগ্ৰামে তেওঁলোকক গৌৰৱান্বিত কৰে ৷ যদি কোনোবাই কষ্টৰ সন্মুখীন হৈছে আৰু সফল হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিছে, তেন্তে সেয়া ভাল কথা ৷তেওঁলোকে কৰা পৰিশ্ৰমৰ বাবে আন আন মানুহৰ মাজত এনে এটা বিশ্বাস গঢ়ি উঠে যে আনসকলেও ঠিক তেনেদৰেই সংগ্ৰাম কৰিব লাগে। ইয়াৰ ফলত মানুহ সহানুভূতিশীল হয় আৰু সকলো কথা বা কাম বিচাৰ-বিবেচনাৰে কৰিব পাৰে।
অহংকাৰী মানুহৰ ওচৰত থাকিলে নিজৰ ওপৰত বিশ্বাস ৰাখিব ৷ তেওঁলোকৰ অহংকাৰ আৰু দম্ভালিৰ আগত নিজকে তুচ্ছ অনুভৱ হ’বলৈ নিদিব৷ তেওঁলোকৰ লগত অপ্ৰয়োজনীয় যুক্তি বা প্ৰতিযোগিতা এৰাই চলিব। তেওঁলোকৰ বিষাক্ত মনোবৃত্তিয়ে আপোনাক যাতে ক্ষতি নকৰে তাৰ প্ৰতি সচেতন থাকিব৷ দৃঢ় মনৰ হৈ যেতিয়া বিনয়ী আৰু নম্ৰতা দেখুৱাব তেওঁলোকে তেতিয়া নিজৰ আচৰণৰ সম্পৰ্কে এদিন হ’লেও চিন্তা কৰিবলৈ বাধ্য হ’ব৷
ড° প্ৰীতি ৰেখা বৰা
৩/৪/২৫
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.