বিশ্বাস
কোনো মানুহকে অন্ধভাৱে বিশ্বাস কৰিব নালাগে মানুহক এনেদৰে বিশ্বাস নকৰিব যে নিজৰ বিবেচনা, আত্মসম্মান বা বিচাৰবুদ্ধি সম্পূৰ্ণকৈ এৰি দিব লগা হয়।
বিশ্বাস নিশ্চয়েই এটি সুন্দৰ অনুভূতি। ই হৃদয়ক বান্ধি ৰাখে, সম্পৰ্কবোৰ দৃঢ় কৰে ৷ কিন্তু যেতিয়া বিশ্বাস ’অন্ধ’ হৈ যায়,তেতিয়া সেই একে বিশ্বাসেই কেতিয়াবা গভীৰ আঘাতৰ কাৰণ হৈ উঠিব পাৰে।
সময়ৰ লগে লগে মানুহ সলনি হয় ৷আজি যিজন আপোনাৰ লগত আছে, কালি হয়তো তেওঁ আপোনাৰ লগত নাথাকিবও পাৰে৷ সলনি হোৱাটো প্ৰকৃতিৰ স্বাভাৱিক নিয়ম।কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ, কেতিয়াবা স্বাৰ্থত, কেতিয়াবা পৰিস্থিতিত,কেতিয়াবা মানুহে নিজৰ আন্তৰিক অনুভূতিত, নতুন চিন্তাধাৰাৰ বাবে সলনি হয় বা কেতিয়াবা কেৱল নিজৰ সুবিধাৰ বাবে যাৰ ব্যাখ্যা স্পষ্ট ৰূপত দিব পৰা নাযায় ৷
বিশ্বাস কৰিব লাগে কিন্তু নিজৰ আত্মাসন্মানৰ বিনিময়ত নহয়। মনটো কোমল হলেও কোনো কোনো সময়ত সিদ্ধান্তবোৰ কঠিন হ’ৱ লাগে৷ বিশ্বাস হৈছে মানুহৰ সম্পৰ্কৰ বহু মূল্যবান সম্পদ৷ এই সম্পদ গঢ়িবলৈ বহু সময় লাগে ৷ সততা, প্ৰতিশ্ৰুতি পালন, আৰু আন্তৰিকতা ,শুদ্ধ আচৰণে বিশ্বাসৰ ভেটি মজবুত কৰে। কিন্তু ই বৰ ঠুনুকা ৷ এটা ভুল সিদ্ধান্ত, এটা মিছা কথা অথবা বিশ্বাসঘাতকতাই মুহূৰ্ততে সকলো ভাঙি দিব পাৰে। ক্ষমা কৰিব পাৰিলেও ভাঙি যোৱা বিশ্বাসক পুনৰ আগৰ দৰে সজীৱ কৰা ইমান সহজ নহয় ৷ই যন্ত্ৰণাদায়ক ৷
ড° প্ৰীতি ৰেখা বৰা
২৫/২/২৬
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.